৬ বজাৰ লগে লগে মৰাণতো বন্ধ হৈছে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান

69

ৰাজু মিশ্ৰ, মৰাণঃ ৰঙালীৰ আনন্দৰ মাজতে ৰাজ্যৰ ভয়ানক ভাৱে বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা। কোভিড প্ৰতিৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে ৬ বজাৰ লগে লগে সকলো বজাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিবলৈ নিৰ্দেশ দিছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণতো ৬ বজাৰ লগে লগেই প্ৰায় সকলো বজাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ পৰা পৰিলক্ষিত হয়। মৰাণতো প্ৰতিদিনে কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত মৰাণৰ ৰাইজ আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে। কোভিড প্ৰতিৰোধৰ বাবে মৰাণ প্ৰশাসনে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।