কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৬ ফ্ৰেব্ৰুৱাৰীত ৰাজ্যিক ৰাজ্যিক পৰ্যায়ত গুৱাহাটীৰ পশু চিকিৎসা মহাবিদ্যালয়ত উদ্বোধন কৰিব অসম চাহ বাগিছা ধন পুৰস্কাৰ আঁচনিৰ তৃতীয় পৰ্যায়ৰ কাৰ্যসূচী ৷উল্লেখযোগ্য যে, ৰাজ্যৰ চাহজনগোষ্ঠীৰ লোকসকলৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে কেতবোৰ কল্যাণকামী আঁচনি গ্ৰহণ কৰিছে। চাহ বাগিছা অঞ্চলত বেংক ব্যৱস্থাৰ সম্প্ৰসাৰণ আৰু চাহ বাগিছাৰ কৰ্মচাৰীসকলক বেংক ব্যৱস্থাৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰাৰ উদ্দেশ্যে আগত ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই ব্যৱস্থাৰ অংশ হিচাপে চাহ বাগিছাৰ কৰ্মীসকল বিভিন্ন ধৰণে লাভাম্বিত হ’ব বুলি আশা কৰা কৰিছে ৷
উল্লেখ্য অসম চৰকাৰৰ বিত্ত বিভাগৰ এই আঁচনিৰ অধীনত হিতাধীকাৰীসকলৰ বেংক একাউন্টত ৩০০০ টকাকৈ চৰকাৰৰ পৰা জমা কৰা হ’ব। তৃতীয় পৰ্যায়ত যোৰহাটৰ ৬০,৩৮২ জন লোকে এই সুবিধা লাভ কৰিব বুলি জানিব পৰা গৈছে । যোৰহাটৰ ৮৫ খন বাগানৰ ১০২৮ জন চৰ্দাৰ আৰু শ্ৰমিকে লাভ কৰিব এই ধন।
