৬টা বিদ্ৰোহী সংগঠনৰ প্ৰাক্তন সদস্যক আৰ্থিক সাহায্য বিতৰণ অসম চৰকাৰৰ…

280

আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক অনুষ্ঠানত ৰাজ্যৰ ৬টা বিদ্ৰোহী সংগঠনৰ প্ৰাক্তন সদস্যসকলক ৰাজ্য চৰকাৰে বিতৰণ কৰে আৰ্থিক সাহায্য।

৬ টা উগ্ৰপন্থী সংগঠনৰ ৩১৮ গৰাকী সদস্যক প্ৰদান কৰা হয় আৰ্থিক সাহায্য। প্ৰত্যেকজনকে ডেৰ লাখকৈ টকাকৈ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ULFA, UGPO, TLA, KLF, KNLA আৰু DNLAৰ প্ৰাক্তন সদস্যক প্ৰদান কৰা হয় এই সাহায্য।

ইউনাইটেড গোৰ্খা পিপলছ অৰগেনাইজেছন আৰু তিৱা লিবাৰেচন আৰ্মীৰ সৰ্বাধিক সদস্যই শেহতীয়াকৈ মূল সুঁতিলৈ উভতি আহিছিল।

৩৫ গৰাকী আলফা সদস্য আৰু ১১ গৰাকী ডিএনএলএ সদস্যও উপস্থিত থাকে এই অনুষ্ঠানত।

প্ৰাক্তন উগ্ৰপন্থী সদস্যক অস্ত্ৰ লুকুৱাই নাৰাখিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘কাৰোবাৰ হাতত অস্ত্ৰ আছে যদি জমা কৰক, নহ’লে পিছত কথা বিষম হ’ব।’’

মুখ্যমন্ত্ৰীয়ে কয় যে অস্ত্ৰ সম্বৰণ কৰাৰ পিছত একাংশ সদস্যই মাৰণাস্ত্ৰ লুকুৱাই ৰাখে বা কোনোৱে বিক্ৰী কৰে।

কোনো সদস্যই যদি তেনেকৈ অস্ত্ৰ লুকুৱাই ৰাখিছে তেন্তে সেয়া জমা দিবলৈ আহ্বান জনায়।

আনহাতে, মুখ্যমন্ত্ৰীৰ সুৰতে সুৰ মিলালে ডিজিপি ভাস্কৰজ্যোতি মহন্তয়ো।