নিউজ ডেস্কঃ ৫৪ বছৰীয়া হ’ল অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিনৰ শুভেচ্ছা জনাই তেওঁৰ মুখ্যমন্ত্ৰী আৱাসত সমবেত হয় অলেখ অনুৰাগী আৰু অনুগামী।
আনহাতে, মাজনিশা চৰকাৰী বাসগৃহত কেক কাটি জন্মদিন উদযাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
তেওঁৰ অনুৰাগী আৰু শুভাকাংক্ষীসকলেও উপহাৰ আগবঢ়াই কামনা কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও টুইটযোগে জন্মদিনৰ শুভেচ্ছা জনায় হিমন্ত বিশ্ব শৰ্মাক।
