৪ ফেব্ৰুৱাৰীৰ পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান…

161

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৪ ফেব্ৰুৱাৰীত পৰ্যটকৰ বাবে মুকলি হ’ব বুলি সংমণ্ডল বন বিষয়াগৰাকীয়ে জাৰি কৰা এক অধিসূচনাত প্ৰকাশ কৰিছে।

পূৰ্বাঞ্চল অসম বন্যপ্ৰাণী সংমণ্ডল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মতে অহা ৪ ফেব্ৰুৱাৰীত পৰ্যটকৰ বাবে মুকলি হ’ব ৰাষ্ট্ৰীয় উদ্যানখন।

পৰিচালনাৰ অসুবিধাৰ কথা উল্লেখ কৰি উদ্যান কৰ্তৃপক্ষই অৱশ্যে ঘোষণা কৰে যে চেণ্ট্ৰেল ৰেঞ্জ, কাজিৰঙা আৰু ৱেষ্টাৰ্ণ ৰেঞ্জৰ অধীনত জীপ ছাফাৰীৰ লগতে পৰ্যটকৰ বাবে বাগৰি ছাফাৰী ১ ফেব্ৰুৱাৰীত বন্ধ থাকিব।

ডি এফ অ’ৰ উদ্ধৃতিৰে এক অধিসূচনাত কোৱা হৈছে যে, “সংশ্লিষ্ট সকলোৰে সাধাৰণ তথ্যৰ বাবে ১৮.০১.২০২৩ তাৰিখৰ উদ্যান বন্ধ কৰাৰ সন্দৰ্ভত অধিসূচনা ইয়াৰ দ্বাৰা বাতিল কৰা হৈছে আৰু ২০২৩ চনৰ ৪ ফেব্ৰুৱাৰীত উদ্যানখন পৰ্যটকৰ বাবে মুকলি থাকিব।”

অধিসূচনাখনত আৰু কোৱা হৈছে যে, পৰিচালনাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি চেণ্ট্ৰেল ৰেঞ্জ, কাজিৰঙা আৰু ৱেষ্টাৰ্ণ ৰেঞ্জ, বাগৰিৰ অধীনত জীপ ছাফাৰীখন ২০২৩ চনৰ ১ ফেব্ৰুৱাৰীত পৰ্যটকৰ বাবে বন্ধ কৰা হ’ব।

ইয়াৰ উপৰিও বুঢ়াপাহাৰ আৰু আগৰতলি ৰেঞ্জৰ জীপ ছাফাৰী আৰু হাতী ছাফাৰী পৰ্যটকৰ বাবে সদায়ৰ দৰেই মুকলি থাকিব।

হাতী ছাফাৰী অৱশ্যে পৰ্যটকৰ বাবে সদায়ৰ দৰেই উপলব্ধ হৈ থাকিব বুলি উদ্যান কৰ্তৃপক্ষই অৱগত কৰে।