৪ দিনৰ বাবে ৰহা নগৰত সম্পূৰ্ণ লকডাউন ঘোষণা

68

ৰাজ্যত কিছু পৰিমাণে হ্ৰাস পাইছে কোভিড সংক্ৰমণ। কিন্তু এতিয়াও ঠায়ে ঠায়ে কোভিডৰ সংক্ৰমণে সৃষ্টি কৰি ৰাখিছে আতংকৰ। বিশেষকৈ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা কোভিড সংক্ৰমণে চিন্তাত পেলাইছে জিলা প্ৰশাসনকো। শেহতীয়াকৈ এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ জিলা প্ৰশাসনে ৪ দিনৰ বাবে ৰহা টাউনত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে।

আজিৰে পৰা অৰ্থাৎ এক জুনৰ পৰা ৪ জুনলৈ ৰহা টাউনত বাহাল থাকিব সম্পূৰ্ণ লকডাউন। উল্লেখ্য যে, ইতিমধ্যে ৰহা নগৰত ৭ টাকৈ কন্টেইনমেন্ট জ’ন ঘোষনা কৰিছে প্ৰশাসনে। ৰহা নগৰত ৪ জনকৈ লোকে প্ৰান হেৰুৱাইছে কোভিডত আক্ৰান্ত হৈ। যাৰ বাবে চহৰখনত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিবলৈ বাধ্য হৈছে জিলা প্ৰশাসন।

লকডাউনৰ এই সময়ছোৱাত চহৰখনৰ সকলো দোকান-পোহাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব। অৱশ্যে অত্যাৱশ্যকীয় সামগ্ৰীৰ প্ৰতিষ্ঠানসমূহ ৰেহাই দিয়া হৈছে সম্পূৰ্ণ লকডাউনৰ পৰা। সম্পূৰ্ণ লকডাউনৰ প্ৰতি নগৰবাসীৰ সহযোগ বিচাৰিছে জিলা প্ৰশাসনে।