বুধবাৰে মৰিগাঁও জিলাত তিনিগৰাকী নাবালিকাক বলাৎকাৰ কৰাৰ অভিযোগত এজন ৫০ বছৰীয়া ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়।
ৰজনী কান্ত দৈমাৰী বুলি চিনাক্ত কৰা অভিযুক্তজনে মৰিগাঁও জিলাৰ লাহাৰীঘাট আৰক্ষী থানাৰ জেঙ্গোৰবৰী গাঁৱৰ তিনিগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
ভুক্তভোগীৰ পৰিয়ালৰ সদস্যই দৈমাৰীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ পিছত এটা গোচৰ ৰুজু কৰা হয় আৰু পৰৱৰ্তী সময়ত, পাষণ্ডজনক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে ২০ ডিচেম্বৰত যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (পস্কো) আইনৰ ধাৰা ৩৭৬ এবি আৰু আৰ/ডব্লিউ ধাৰা ৬ ৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল।
আৰক্ষীয়ে জনোৱা অনুসৰি, দৈমাৰীয়ে কিশোৰী কেইগৰাকীক প্ৰলোভন দি ঘৰলৈ মাতি আনি ধৰ্ষণ কৰিছিল। এই দুষ্কাৰ্য সংঘটিত কৰাৰ পিছত অভিযুক্তজন পলাতক হৈ আছিল যদিও কালি আমতলা অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
