৩২০ মিলিয়ন ডলাৰ ব্যয়ৰে মুম্বাইত আজি অনন্ত আম্বানিৰ ৰাজকীয় বিবাহ।
প্ৰজাপতিৰ আশীষ শিৰতলৈ ৰাধিকা মাৰ্চেণ্টক কৰিব জীৱন সংগী। আগমন ঘটিব উদ্যোগপতি, চিনেমাৰ তাৰকা, শিল্পী, ৰাজনৈতিক নেতা , মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক তথা সকলো স্তৰৰ লোকৰ।মায়ানগৰী মুম্বাইত এতিয়া উখল-মাখল পৰিৱেশ।কিয়নো ভাৰতৰ ধনাঢ্য ব্যক্তি মুকেশ আম্বানিৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানিৰ আজি বিবাহ। এই ৰাজকীয় বিবাহক কেন্দ্ৰ কৰি উখল-মাখল হৈ পৰিছে মায়ানগৰী মুম্বাই।