কোৰোনাৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৩১ মে’লৈ বৃদ্ধি কৰা হৈছে দিল্লীৰ লকডাউন। আজি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এক সংবাদমেল সম্বোধন কৰি লকডাউন বৃদ্ধিৰ বিষয়ে জানিবলৈ দিয়ে।
উল্লেখ্য যে, বিগত এটা সপ্তাহত দিল্লীৰ সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে যদিও মৃত্যুৰ হাৰ কমা নাই। যদি কোভিড সংক্ৰমণ ক্ৰমাগতভাৱে হ্ৰাস পাই থাকে, তেন্তে ৩১ মে’ৰ পিছত আনলক প্ৰক্ৰিয়া আৰম্ভ কৰা হব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী কেজৰিৱালে।
