ৰাজ্যবাসীয়ে উপহাৰ লাভ কৰিলে এটা দুৰ্ঘটনাবিহীন নৱবৰ্ষ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰাত ২০২১ৰ ৩১ ডিচেম্বৰত ৰাজ্যত সংঘটিত নহল এটাও পথ দুৰ্ঘটনা।
নৱবৰ্ষ উদযাপনৰ নামত প্ৰতি বছৰে ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত সংঘটিত ব্যাপক পথ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ সুৰাসক্ত হৈ বাহন চলোৱাৰ বিৰুদ্ধে কঠোৰ হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰক্ষী-প্ৰশাসনে সুৰাসক্ত বাহন চালকৰ বিৰুদ্ধে অভিযান চলাইছিল। এই অভিযানত বহু সুৰাসক্ত চালকৰ অনুজ্ঞাপত্ৰ বাতিল হোৱাৰ লগতে বিহা হয় বুজন পৰিমাণৰ জৰিমনা।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই ৩১ ডিচেম্বৰৰ নিশা মহানগৰীৰ কেইবাটাও স্থানত চলা অভিযানৰ তদাৰক কৰে।
যাৰ ফলত ৩১ ডিচেম্বৰৰ নিশাটোত ৰাজ্যত এটাও পথ দুৰ্ঘটনা সংঘটিত হবলৈ নাপালে। উল্লেখ্য যে, ২০২০ বৰ্ষৰ ৩১ ডিচেম্বৰ আৰু ২০২১ৰ ১ জানুৱাৰীত সুৰাসক্ত হৈ বাহন চলোৱাৰ ফলত ৰাজ্যত সংঘটিত হৈছিল ৬৭ টাকৈ পথ দুৰ্ঘটনা। কেৱল ৩১ডিচেম্বৰৰ নিশাটোতেই গুৱাহাটী মহানগৰীত ১০ টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল। যাৰ ফলত ২ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আহত হৈছিল ৫ জন লোক।
ইফালে ৰাজ্যবাসীক দুৰ্ঘটনাবিহীন নৱবৰ্ষ উদযাপনৰ বাবে পহিলা জানুৱাৰী দিনাই ধন্যবাদ জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দুৰ্ঘটনা প্ৰতিৰোধত সফল হোৱা গুৱাহাটী মহানগৰ আৰক্ষীকো ধন্যবাদ জনায় তেওঁ।
