৩১ জুলাইৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

59

কোভিডসৃষ্ট পৰিস্থিতিৰ বাবে অসমৰ লগতে আন বহুকেইখন ৰাজ্যৰ বাতিল হৈ থকা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে।

আজি এক শুনানিৰ কালত উচ্চতম ন্যায়ালয়ে অহা ৩১ জুলাইৰ ভিতৰত ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। আনহাতে পৰীক্ষাৰ মূল্যায়ন প্ৰক্ৰিয়া কিদৰে কৰা হব সেই সন্দৰ্ভত অহা ১০ দিনৰ ভিতৰত ৰাজ্য তথা কেন্দ্ৰীয় প্ৰদেশসমূহক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে সৰ্বোচ্ছ ন্যায়ালয়ে।