অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ বিৰুদ্ধে অভিনেত্ৰী নোৰা ফাতেহীৰ মানহানিৰ গোচৰৰ শুনানি অহা ২৫ মাৰ্চত গ্ৰহণ কৰিব দিল্লীৰ আদালতে।
উল্লেখ্য যে, সুকেশ চন্দ্ৰশেখৰ মানিলণ্ডাৰিং গোচৰৰ সৈতে জড়িত জেকলিনৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছিল বলিউডৰ আইটেম গাৰ্ল, অভিনেত্ৰী নোৰা ফাতেহীয়ে।
নোৰাই জেকলিনৰ বিৰুদ্ধে কুঅভিসন্ধিমূলক আৰু কু অভিপ্ৰায়মূলক আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰিছিল।
এই অভিযোগৰে ২৫ মাৰ্চত আদালতে শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
