২৩ অক্টোবৰৰ পৰা তিনিচুকীয়া-নাহৰলগুনৰ মাজত আৰম্ভ হব ভিষ্টাডোম ৰেল সেৱা

108

অহা ২৩ অক্টোবৰৰ পৰা অসমৰ তিনিচুকীয়াৰ পৰা অৰুণাচল প্ৰদেশৰ নাহৰলাগুনলৈ আৰম্ভ হব ভিষ্টাডোম ৰেল সেৱা।

উত্তৰ ৰে’লৱেৰ এক চৰকাৰী বিবৃতিত জনোৱা হৈছে, “উত্তৰ-পূব সীমান্ত ৰে’লৱেই (এনএফআৰ) ২৩ অক্টোবৰৰ পৰা তিনিচুকীয়া আৰু নাহৰলগুনৰ মাজত আনুষ্ঠানিকভাৱে ভিষ্টাডোম সেৱা আৰম্ভ কৰিব।”

সপ্তাহত চাৰিদিন চলিব লগা ভিষ্টাডোম ৰেলখনত যাত্ৰীসকলৰ বাবে প্ৰতিটো সুবিধা থাকিব।

সেৱা আৰম্ভ হোৱাৰ আগতে, এনএফ ৰেলৱেই কালি তিনিচুকীয়াৰ পৰা নাহৰলগুনলৈ পৰীক্ষণভিত্তিত এই নতুন ৰেলখন চলাইছিল।

ভিষ্টাডোম ৰেলৰ জৰিয়তে পৰ্যটকসকলক মনোৰম সৌন্দৰ্যৰ অভিজ্ঞতা লাভ প্ৰদান কৰাত সহায় কৰিবলৈ আৰু অনন্য যাত্ৰাৰ সময়ত অঞ্চলটোৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰাৰ বাবে বিশেষ ভূমিকা পালন কৰিব।