২২ ছেপ্টেম্বৰত বোকাখাত ৰাজহুৱা খেলপথাৰত জ্বলিব ২৪৭৯টা গঁড়ৰ খৰ্গ

90

ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে জ্বলাই দিয়া হব ২৪৭৯ টা গঁড়ৰ খৰ্গ। বোকাখাত ৰাজহুৱা খেলপথাৰত অহা ২২ ছেপ্টেম্বৰত এই গঁড়ৰ খৰ্গ দাহন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যকে ধৰি ৰাজ্যৰ বিভিন্ন অভয়াৰণ্যত প্ৰাকৃতিকভাৱে মৃত্যু হোৱা গঁড়ৰ খৰ্গ আৰু চোৰাং চিকাৰীৰ পৰা জব্দ কৰা মুঠ ২৬২৩টা গঁড়ৰ খৰ্গ ৰাজ্যৰ কোষাগাৰত জমা কৰি ৰখা হৈছিল। ইয়াৰে ২৪৭৯ টা খৰ্গ দাহন কৰা হব। আনহাতে বাকী ৯৪ টা খৰ্গ সংৰক্ষণ কৰা হব আৰু আন ৫০টা খৰ্গৰ বিৰুদ্ধে গোচৰ চলি আছে।

ইফালে চৰকাৰৰ এই খৰ্গ দাহন কাৰ্যসূচীক লৈ সন্দেহ ব্যক্ত কৰিছে বিভিন্ন দল-সংগঠনে। খৰ্গ জ্বলাই দিয়াৰ নামত কোষাগাৰত জমা কৰি ৰখা গঁড়ৰ খৰ্গ হৰলুকী হোৱাৰো সন্দেহ কৰিছে দল-সংগঠনে। এনে পৰিপ্ৰেক্ষিতত খৰ্গ দাহন কাৰ্যসূচী নিকা আৰু স্বচ্ছ কৰাৰ দাবী উত্থাপন হৈছে।