অহা ২০ জুনৰ ভিতৰত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। এই ঘোষণা কৰিছে শিক্ষা বিভাগে।
উল্লেখ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ সন্দৰ্ভত মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাই ছেবাৰ সৈতে এক বৈঠকত মিলিত হয়।
গুৱাহাটীৰ বামুনিমৈদামস্থিত ছেবাৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এই বৈঠক। এই বৈঠকত আছুৱে অতি সোনকালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ দাবী জনায়।
উল্লেখযোগ্য যে অহা ৩০ মে’ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছিল।
কিন্তু ছেবাৰ বিষয়াসকলে জনোৱা মতে, পৰীক্ষাৰ কাগজ সংশোধন এতিয়াও সম্পূৰ্ণ হোৱা নাই, যাৰ বাবে ফলাফল ঘোষণা কৰাত পলম হৈছে।
এই সন্দৰ্ভত আছুৰ প্ৰতিনিধিয়ে ছেবাৰ সম্পাদক এন এন নাথক সাক্ষাৎ কৰে আৰু ৫ জুনৰ পূৰ্বে ফলাফল ঘোষণা কৰিবলৈ দাবী জনায়।
ইফালে ছেবাই আছুৰ দাবীত সন্মতি প্ৰকাশ কৰি অহা ৫ জুনৰ পূৰ্বে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ কথা ঘোষণা কৰিছে। ৰাজ্যত চলি থকা গুণোৎসৱৰ বাবে উত্তৰ লিপি শুধৰণি কৰাত পলম হোৱা বুলি মন্তব্য কৰে ছেবাই।
ছেবাৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকৰ পিছতে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ সন্দৰ্ভত আলোচনা কৰিবলৈ আছুৰ নেতাসকলে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদলৈ ৰাওনা হয়।
তাত এএইছএছইচিৰ সচিবক সাক্ষাৎ কৰি উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰাত কিয় পলম হৈছে সেই বিষয়ে আলোচনা কৰে।
বৈঠকৰ পিছতে ২০ জুনৰ ভিতৰত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰো ফলাফল ঘোষণা কৰা হ’ব বুলি ঘোষণা কৰিছে শিক্ষা বিভাগে।
