কোভিডসৃষ্ট পৰিস্থিতিৰ বাবে প্ৰায় দুটা বছৰ ধৰি বন্ধ হৈ আছে শিক্ষানুষ্ঠানসমূহ। যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে শিক্ষাৰ্থীৰ ওপৰত। কোভিড পৰিস্থিতি লাহে লাহে সুস্থিৰ হোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া পুনৰ বিদ্যালয়সমূহৰ পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰসমূহে।
অসমতো অহা ২০ ছেপ্টেম্বৰৰ পৰা দশম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে শিক্ষা বিভাগে। কেবিনেট বৈঠকত দশম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
আনহাতে দশম শ্ৰেণীৰ পাঠদান আৰম্ভ হোৱাৰ ১০-১৫ দিনৰ ভিতৰত অন্যান্য শ্ৰেণীৰ পাঠদানসমূহো আৰম্ভ কৰাৰ প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে। শিক্ষা বিভাগে সদৰী কৰা মতে শিক্ষাৰ্থীৰ সংখ্যা বেছি হলে শাখাত ভগাই পাঠদান কৰা হব। ৩০ গৰাকী শিক্ষাৰ্থীক লৈ এই পাঠদান আৰম্ভ হব। উল্লেখ্য যে, কোভিড সৃষ্ট পৰিস্থিতিৰ বাবেই দশম শ্ৰেণীৰ পাঠদান এইবাৰ ৪০ শতাংশ হ্ৰাস কৰা হৈছে।
