সীমান্ত সুৰক্ষা বাহিনীয়ে ২০২২ চনত গুজৰাটৰ ভূজত গ্ৰেপ্তাৰ কৰা হৈছে ২২ জন পাকিস্তানী মাছমৰীয়াক।
ইয়াৰ লগতে ৭৯ খন নাও জব্দ কৰাৰ লগতে ২৫০ কোটি টকাৰ ৫০ পেকেট হেৰ’ইন আৰু ২ কোটি টকাৰো অধিক মূল্যৰ ৬১ পেকেট নিচাযুক্ত সামগ্ৰী জব্দ কৰিছে বিএছএফে।
এই তথ্য সদৰী কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে।
বি এছ এফ গুজৰাটে ৰাজস্থানৰ বাৰ্মেৰৰ পৰা গুজৰাটৰ ৰান অফ কুচলৈকে ৮২৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষিত কৰিছে।
