২০২১ বৰ্ষৰ ‘ৰংবং তেৰাং সমন্বয় বঁটা’ ঘোষণা

233
purbottar-asomiya-favicon

‘অনুৰাধা দেশ’ৰ স্ৰষ্টা ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীলৈ আগবঢ়োৱা ২০২১বৰ্ষৰ ‘ৰংবং তেৰাং সমন্বয় বঁটা হৈছে বঁটা৷ ডিফুত সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰিলে চিংথুৰ প্ৰকাশনে৷ জানিব পৰা মতে পদ্মশ্ৰী ৰংবং তেৰাঙৰ ১৩ জানুৱাৰীৰ জন্ম দিনটোত বকলীয়াঘাটত এই বঁটা প্ৰদান কৰা হ’ব ৷ এই বঁটাত থাকিব নগদ ধনৰ লগতে পৰম্পৰাগত কাৰ্বি সাজ-পোছাক আৰু স্থানীয় লেখকৰ গ্ৰন্থৰ টোপোলা৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া৷ বিগত ২০১৭ চনৰ পৰাই বকলীয়াঘাটৰ চিংথুৰ প্ৰকাশনে এই বঁটা আগবঢ়াই আহিছে ৷