২০২১ ত দিছ্পুৰত হ’ব মহাজোঁটৰ চৰকাৰ

58


২০২১ চনত দিছ্পুৰত গঠন হ’ব মিত্ৰ মহাজোঁটৰ চৰকাৰ। এই মন্তব্য আগবঢ়াইছে ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাই । বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেল আয়োজন কৰি ৰাজ্য সভাৰ সাংসদ তথা জাতীয়তাবাদী নেতা ভূঞাই এই মন্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে মঙ্গলবাৰে ৰাজ্যত অনুষ্ঠিত হোৱা তৃতীয় অৰ্থাৎ শেষ পৰ্যায়ৰ ভোট গ্ৰহণৰ পিছতে আজি এক সংবাদ মেল আয়োজন কৰি তেওঁ এই মন্তব্য আগবঢ়ায়। অৱশ্যে সংবাদ মেলৰ আৰম্ভণিতে শান্তি পূৰ্ণ ভোটদান প্ৰদানৰ। বাবে ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন কৰে। নিজৰ ভাষণ প্ৰসংগত তেওঁ কয় যে বিজেপিয়ে এইবাৰ কৌশলপূৰ্ণ ভাৱে জয়ী হোৱাৰ চেষ্টা কৰিছে কিন্তু অসমৰ ৰাইজে এইবাৰ বিজেপি মিত্ৰজোঁট চৰকাৰক প্ৰতিহত কৰি মহাজোঁটৰ চৰকাৰ গঠন কৰিব। আনহাতে নিৰ্বাচনৰ সময়ত বিশেষকৈ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত কেইবাঠাইতো ইভিএম বিকল হোৱা লগতে বিভিন্ন ঠাইত ইভিএম উদ্ধাৰ হোৱাৰ ঘটনাক লৈ উদ্বিগ্ন প্ৰকাশ কৰে। আনহাতে মহাজোঁটৰ চৰকাৰ গঠন হলে অসম চুক্তিৰ ৬নং দফাৰ কাৰ্যকৰী কৰা হব বুলিও তেওঁ দোহাৰে।নিজৰ ভাষণ প্ৰশংগত তেওঁ ইয়াকো কয় যে ৰাজ্য খনত বৰ্তমান গণতান্ত্ৰিক পৰিবেশ নোহোৱা হৈছে এইবাৰ মহাজোঁটৰ চৰকাৰ গঠন হোৱাৰ পিছত পুনৰ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা হব ।অৱেশ্যে মহাজোঁটৰ চৰকাৰ গঠন হলে আঞ্চলিক গণ মৰ্চাৰ বিশেষ ভূমিকা থাকিবও বুলিও তেওঁ মত প্ৰকাশ কৰে।