২০২১ৰ মে’ মাহৰ পৰা অসমত জব্দ কৰা হৈছে ৯০০ কোটি মূল্যৰ ড্ৰাগছ…

262

২০২১ চনৰ মে’ মাহৰ পৰা অসমত ৯০০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে। এই তথ্য সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

জব্দকৰণৰ সৈতে জড়িত মুঠ ৬৮০০ লোকক আটক কৰা হৈছে বুলিও তেওঁ কয়।

‘অসম চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছে,’’ মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।

তেওঁ লগতে কয়, ‘২০২১ চনৰ মে’ মাহৰ পৰা অসমত জব্দ ৯০০ কোটি টকাৰ ড্ৰাগছ আৰু ৬৮০০ লোকক আটক কৰা হৈছে।

২০২১ চনৰ মে’ মাহত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ গঠনৰ পিছৰে পৰা ড্ৰাগছৰ বিৰুদ্ধে আক্ৰমণ বৃদ্ধি কৰি আহিছে অসম আৰক্ষীয়ে।

কেইবাটাও ড্ৰাগছ নেটৱৰ্কক দমন কৰাৰ পিছতে আৰক্ষীয়ে কোটি কোটি টকাৰ ব্যাপক ড্ৰাগছ জব্দ কৰে।