ষ্টাফৰিপৰ্টাৰ, ২২ জুন :২০২১ৰ নিৰ্বাচনৰ পূৰ্বে কলিতা সকলৰ বাবে প্ৰাগজ্যোতিষ স্বায়ত্বশাসিত পৰিষদ গঠন কৰাৰ দাবী জনাইছে কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই। সন্থাৰ সভাপতি অনুপল দত্ত পাঠক আৰু সাধাৰণ সম্পাদক দেৱজিৎ হাজৰিকাই এই সম্পৰ্কে কয় “
বৰ্তমান সময়ত অসম চৰকাৰে মৰাণ, মটক, কোচ, ৰাজবংশীৰ স্বায়ত্ত পৰিষদৰ গঠন কৰাৰ যো যা চলাইছে সেইয়া আমি আদৰণি জনাইছোঁ। সেইয়া তেওঁলোকৰ প্ৰাপ্য।কিন্তু অসম চৰকাৰে সদায় কলিতা জনগোষ্ঠীক বঞ্চিত, তথা অৱহেলা কৰি আহিছে। কলিতা জনগোষ্ঠীৰ বঞ্চিত কৰি যি সিদ্ধান্ত লৈছে তাক আমি গৰিহণা দিছোঁ। কলিতা জনগোষ্ঠীৰ বঞ্চিত কৰি অসমৰ উন্নতি অসম্পূৰ্ণ। কাৰণ ব্ৰহ্মপুত্ৰৰ উপত্যকাৰৰ সৰ্ববৃহৎ জনগোষ্ঠীটোৱে হৈছে কলিতা জনগোষ্ঠী আৰু অসমৰ সৰ্বমুঠ জনসংখ্যাৰ ২১ শতাংশ কলিতা জনগোষ্ঠীৰ। বিশ্বব্যাপী সংহাৰ সষ্টি কৰা মহামাৰী কৰ’নাৰ ফল যি জনজীৱন স্তব্ধ হৈছিল তাৰ প্ৰতি নজৰ ৰাখি সাংগঠনিক কাম কাজ স্থবিৰ হৈ আছিল কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা হাত সাৱটি বহি আছে বৰ্তমান সময়ত কলিতা জনগোষ্ঠী সম্পৰ্কে চৰকাৰ কৰণীয় বহুত আছে , মুখ্যমন্ত্ৰীগৰাকী জনজাতীয় মূলৰ হল বুলিয়ে সাধাৰণ শ্ৰেণী মানুহৰ দুৰ্দশা হৃদয়ংগম নকৰিব সেইটো হ’ব নেৱাৰে,বছৰ বছৰ ধৰি কলিতা সকল সামাজিক ,ৰাজনৈতিক,শৈক্ষিক, নিয়োগ সকলো ফালৰ পৰা বঞ্চিত হৈ আহিছে। গতিকে কলিতা সকলৰ কাৰণে তাৎকালীন কাৰ্যকৰী হোৱাকৈ কলিতা জনগোষ্ঠীৰ কাৰণে এখন কলিতা উন্নয়ন পৰিষদ আৰু প্ৰাগজ্যোতিষ নামেৰে কলিতা স্বায়ত্ব পৰিষদ গঠন কৰাৰ দাবী আজি সৰ্বানন্দ সোণোৱাল চৰকাৰক বাৰে বাৰে কৰি অহাৰ পাছটো কোনো সঁহাৰি লাভ কৰা নাই। “সব কা সাথ সব কা বিকাশ” এইটো এটা শ্লোগান হে মাত্ৰ। বিজেপি চৰকাৰ কেতিয়াও কলিতাৰ উন্নয় নিবিচাৰে আৰু উন্নয়ন হ’ব নিদিয়ে। বিজেপি শাসনাধীন অসম চৰকাৰে কলিতা সকলৰ যদি উন্নয়ন বিচাৰে বা অসমৰ ৭০ লাখ কলিতা জনগোষ্ঠীৰ লগত আছে তেনেহলে তেওঁলোকে সংগঠনটোৱে কৰি অহা দাবী সমূহ শীঘ্ৰে কাৰ্যকৰী কৰি দেখুৱাবৰ বাবে দাবী জনালোঁ।কলিতা সকলৰ জনজাতিকৰণ, শিক্ষা ,নিয়োগ আদিত আসন সংৰক্ষণ আৰু বীৰ কলিতা ৰজা ভগ দত্ত প্ৰকল্পৰ বাবে চৰকাৰে কৰিব লগা কামবোৰ গুৰুত্ব প্ৰদান কৰক। অন্যথা আগন্তুক নিৰ্বাচনত ইয়াৰ পৰিণাম ভূগিব লাগিব। যদি অসমৰ আটাইতকৈ সৰ্ববৃহৎ খিলঞ্জীয়া জনগোষ্ঠীৰ যাৰ ৭০ লাখ লোক সমাদিত কলিতা জনগোষ্ঠীৰ লোকে একলগ হয় তেতিয়া হলে মুখ্যমন্ত্ৰীৰ চকী খনো সুৰক্ষিত হৈ নাথাকিব। যদি আগন্তুক ৩০ দিনৰ ভিতৰত সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ লগত চৰকাৰৰ একো আলোচনা মিলিত নহয় তেনেহলে সংগঠনটোৱে জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব।
