১ জুলাইৰ পৰা খোলা হব সকলো শিক্ষানুষ্ঠান…

69

কোভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পিছতে লকডাউন সম্পূৰ্ণৰূপে বাতিল কৰাৰ সিদ্ধান্ত লৈছে তেলেংগানা চৰকাৰে। আজি ৰাজ্যখনৰ কেবিনেট বৈঠকত অহা ১ জুলাইৰ পৰা সকলো শৈক্ষিক প্ৰতিষ্ঠান খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয় যে ৰাজ্যখনত কোভিড পৰিস্থিতি এতিয়া সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে। স্বাস্থ্য বিভাগে দাখিল কৰা প্ৰতিবেদনৰ পিছতে এতিয়া লকডাউন উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে।

উল্লেখ্য যে, ৯ জুনত তেলেংগানাত ১০ দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছিল। ইফালে শুকুৰবাৰৰ দিনটোত ৰাজ্যখনত প্ৰায় ডেৰ হাজাৰ লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১২ জনৰ মৃত্যু ঘটিছে। অৱশ্যে লকডাউন উঠাই ল’লেও সকলোকে চৰকাৰী বিধি মানি চলিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে।