১ ছেপ্টেম্বৰৰ পৰা পর্যায়ক্ৰমে খোলা হব ৰাজ্যৰ শিক্ষানুষ্ঠান: শিক্ষামন্ত্ৰী

111

অহা ১ ছেপ্টেম্বৰৰ পৰা পর্যায়ক্ৰমে খোলা হব অসমৰ শিক্ষানুষ্ঠানসমূহ। সংবাদ মাধ্যমক সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে। ৰাজ্যত কোভিড পৰিস্থিতি স্বাভাৱিক হৈ থাকিলে অহা ১ চেপ্টেম্বৰৰ পৰা দশম, দ্বাদশ, স্নাতক চূড়ান্ত বর্ষৰ লগতে কাৰিকৰী শিক্ষা প্রতিষ্ঠানৰ পাঠদান পুনৰ আৰম্ভ হ’ব বুলি ৰাজ্য চৰকাৰে সদৰী কৰিছে৷

ডিফুৰ এক অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত কয় যে অহা ছেপ্টেম্বৰৰ পৰা পর্যায়ক্রমে শিক্ষানুষ্ঠানসমূহ খোলা হ’ব৷ প্রথম পর্যায়ত চূড়ান্ত বর্ষসমূহ, যেনে– দশম, দ্বাদশ, স্নাতকৰ চূড়ান্ত বর্ষ আজি খোলাৰ ব্যৱস্থা কৰা হ’ব৷ তাৰ পাছত পর্যায়ক্রমে ক’ভিড পৰিস্থিতি উন্নত হ’লে আন শ্রেণীসমূহ খোলাৰ চিন্তা–চর্চা কৰা হ’ব৷

ইফালে শিক্ষানুষ্ঠানসমূহ খোলাৰ বাবে সুকীয়া এছ অ’ পি প্রস্তুত কৰা হৈছে বুলিও জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী গৰাকীয়ে। এই এছ অ’ পি পর্যালোচনা কৰা হৈছে৷ মুখ্যমন্ত্রীৰ অনুমোদন লাভ কৰিলেই তিনি দিনৰ ভিতৰত এই এছ অ’ পি প্রকাশ পাব বুলি শিক্ষামন্ত্ৰী গৰাকীয়ে জনায়।