১ আৰু ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব গুজৰাট নিৰ্বাচন…

208

১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুজৰাট বিধানসভাৰ নিৰ্বাচন।

৮ ডিচেম্বৰত ঘোষণা কৰা হ’ব ফলাফল।

বৃহস্পতিবাৰে গুজৰাট নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰি এই কথা জানিবলৈ দিয়ে নিৰ্বাচন আয়োগে।

ৰাজ্যখনৰ মুঠ ১৮২ খন বিধানসভা আসনৰ আসনৰ ভিতৰত প্ৰথম পৰ্যায়ত ৮৯খন আৰু দ্বিতীয় পৰ্যায়ত ৯৩খন আসনত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।

নিৰ্বাচন আয়োগে সংবাদ মেলত জানিবলৈ দিয়া মতে, এই বছৰ ৪.৯ কোটিৰো অধিক ভোটাৰে ভোটদানৰ যোগ্যতা অৰ্জন কৰিছে।

গ্ৰামাঞ্চলত ৩৪ হাজাৰৰো অধিক ভোটকেন্দ্ৰকে ধৰি ৫১ হাজাৰৰো অধিক ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব বুলিও নিৰ্বাচন আয়োগে জানিবলৈ দিয়ে।

মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে এই সময়সূচী ঘোষণা কৰাৰ পূৰ্বে মৰবী দলং দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰে।

কমেও ১৩৫ জন লোকৰ মৃত্যু হোৱা দুৰ্ঘটনাৰ বাবে নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাত পলম হোৱা বুলিও তেওঁ কয়।

উল্লেখ্য যে, ২০২৩ চনৰ ১৮ ফেব্ৰুৱাৰীৰ পৰা গুজৰাট বিধানসভাৰ কাৰ্যকালৰ অন্ত পৰিব।

ইফালে নিৰ্বাচনৰ সময়সূচী ঘোষণাৰ লগে লগে ৰাজ্যখনত কাৰ্যকৰী হয় আদৰ্শ আচৰণ বিধি।

নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ১৬০টা কোম্পানী মোতায়েন কৰিছে কেন্দ্ৰই।

বহু প্ৰত্যাশিত গুজৰাটৰ বিধানসভা নিৰ্বাচনত এইবাৰ বিজেপি, কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা দেখা গৈছে।

ৰাজ্যখনত বিগত দুটা দশকৰো অধিক সময় ধৰি বিজেপিয়ে চৰকাৰ গঠন কৰি আছে।

২০১৭ চনৰ বিগত নিৰ্বাচনত বিজেপিয়ে ৯৯খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৭৭খন আসন লাভ কৰিছিল।

কিন্তু এইবাৰ গুজৰাটত আম আদমী পাৰ্টি যথেষ্ট সক্ৰিয় হোৱা বুলি ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে।