অহা ১৯ অক্টোবৰৰ পৰা আৰম্ভ হব ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালয়ৰ পাঠদান। কোভিড পৰিস্থিতিৰ বাবে দীৰ্ঘদিন ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ থকাৰ পিছত মঙ্গলবাৰে এই ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে। ১৯ অক্টোবৰৰ পৰা ৰাজ্যৰ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ সপ্তাহত তিনিদিনকৈ পাঠদান অনুষ্ঠিত হ’ব। প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠদান সপ্তাহৰ সোম, বুধ আৰু শুকুৰবাৰে হোৱাৰ বিপৰীতে চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে হ’ব।
প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলে পাঠদানৰ সময়ৰ লগতে, মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত কোভিড প্ৰট’কল কঠোৰভাৱে পালন কৰা ইত্যাদি দিশবোৰ পৰ্যবেক্ষণ কৰিব লাগিব বুলিও অসম চৰকাৰৰ নিৰ্দেশনাত উল্লেখ আছে। প্ৰাথমিক বিদ্যালয়ৰ পাঠদান আৰম্ভ হ’লেও অৱশ্যে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী উপস্থিত থকাটো সম্পূৰ্ণ ব্যক্তিগত বিষয়। কোনো শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ত উপস্থিত থকাৰ বাবে বাধ্য কৰাব নোৱাৰিব।
আনহাতে, ৰাজ্যত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈয়ো পাঠদান ১৯ অক্টোবৰৰ পৰাই আৰম্ভ হ’ব। সপ্তাহৰ সোম, বুধ আৰু শুকুৰবাৰে ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ পাঠদান অনুষ্ঠিত হ’ব।উচ্চ প্ৰাথমিক বিদ্যালয়সমূহৰ হোষ্টেলসমূহ পৰৱৰ্তী নিৰ্দেশনা নহা পৰ্যন্ত খোলা নহ’ব বুলি চৰকাৰৰ নিৰ্দেশনাত উল্লেখ কৰা হৈছে।
বিদ্যালয়ত পাঠদান অনুষ্ঠিত হ’লেও বিদ্যালয়ৰ ভিতৰত কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব বুলিও নিৰ্দেশনাত স্পষ্ট কৰি দিয়া হৈছে। এটা শ্ৰেণীত একেসময়ত ৩০ জনতকৈ যাতে অধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিত নাথাকে সেই কথা নিশ্চিত কৰিবলৈয়ো বিদ্যালয় কৰ্তৃপক্ষক দায়িত্ব দিয়া হৈছে।
নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ দৰে ৰাজ্যত নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদানো অক্টোবৰ মাহৰ পৰাই আৰম্ভ হ’ব। নৱম শ্ৰেণীৰ পাঠদান ১ অক্টোবৰৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে দ্বাদশ আৰু দশম শ্ৰেণীৰ পাঠদান ক্ৰমে ৬ অক্টোবৰ আৰু ২০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব। একাদশ শ্ৰেণীৰ পাঠদান ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব। বিদ্যালয়ত পাঠদান কৰা সকলো শিক্ষক-কৰ্মচাৰীকে কোভিড ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক কৰা হৈছে।
