১৮ জুলাইত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন

259

অহা ১৮ জুলাই অনুষ্ঠিত হ’ব দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচন। বৃহস্পতিবাৰে সংবাদমেলযোগে এই কথা ঘোষণা কৰে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে।

নিৰ্বাচন আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়া মতে, ২১ জুলাইত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগণনা।

সংবাদ মাধ্যমক এই বিষয়ে অৱগত কৰি ৰাজীৱ কুমাৰে কয়, “২০২২ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰিবলৈ মুঠ ৪৮০৯ জন নিৰ্বাচক আছে। কোনো ৰাজনৈতিক দলে নিজৰ সদস্যসকলক হুইপ জাৰি কৰিব নোৱাৰে।”

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল অহা ২৪ জুলাইত অন্ত পৰিব বুলি জানিবলৈ দিয়ে মুখ্য নিৰ্বাচনী আয়ুক্তই।

ভাৰতৰ সংবিধানৰ ৬২ নং অনুচ্ছেদ অনুসৰি বৰ্তমানৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পূৰ্বেই পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব।

এই ৰাষ্ট্ৰপতি নিৰ্বাচনত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে পুডুচেৰীৰ বিধানসভাৰ নিৰ্বাচিত সদস্যসকলেও ভোটদান প্ৰক্ৰিয়াত অংশ ল’ব।

আন আন সবিশেষৰ লগতে মুখ্য নিৰ্বাচন আয়ুক্ত কুমাৰে কয় যে ৰাজ্যসভাৰ সচিব প্ৰধান হ’ব ৰিটাৰ্নিং অফিচাৰ আৰু মনোনয়ন পত্ৰ দিল্লীত ডেলিভাৰী কৰিব লাগিব আৰু ইলেক্ট’ৰেল কলেজৰ কমেও ৫০ জন সদস্যক প্ৰস্তাৱক হিচাপে আৰু আন ৫০ জন ছেকেণ্ডাৰ হিচাপে প্ৰয়োজন হব।

লগতে তেওঁ কয় যে, “এজন সাংসদৰ ভোটৰ মূল্য হ’ব ৭০০। জেলত থকাসকলে পেৰ’লৰ বাবে আবেদন কৰিব লাগিব আৰু পেৰ’ল পালে তেওঁলোকে ভোট দিব পাৰিব।”