১৬ ফেব্ৰুৱাৰী শেষ সময়! চৰ্ত নামানিলে কুইপ’ৰ অপহৃত বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ হুংকাৰ আলফা স্বাধীনৰ

54

অহা ১৬ ফেব্ৰুৱাৰী শেষ সময়! এই সময়ৰ ভিতৰত চৰ্ত পূৰণ নকৰিলে কুইপ’ৰ অপহৃত বিষয়া ৰাম কুমাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। -এই হুংকাৰ প্ৰদান কৰিছে আলফা স্বাধীনে। উল্লেখ্য যে, বিগত প্ৰায় এমাহে আলফা স্বাধীনৰ হাতত বন্দী হৈ আছে কুইপ’ নামৰ তৈল খনন কোম্পানীটোৰ দুগৰাকী বিষয়া ক্ৰমে শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰ।

২০২০ বৰ্ষৰ ১৮ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ পৰা আলফা স্বাধীনে অপহৰণ কৰিছিল বিষয়া দুগৰাকীক। তাৰ পিছতে ২০ জানুৱাৰীত আলফা স্বাধীনে অপহৃত বিষয়া দুজনৰ দুটা ভিডিঅ’ প্ৰকাশ কৰিছিল। য’ত অপহৃতই আলফা স্বাধীনৰ পৰা মুক্ত কৰাৰ বাবে কুইপ’ক হেঁচা প্ৰদানৰ অৰ্থে অসম আৰু বিহাৰৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছিল। কিন্তু তাৰ পিছতো তৈল খনন কোম্পানী কুইপ’ই মুক্তিপণৰ চৰ্ত মানি নোলোৱাত আলফা স্বাধীনে ১৬ ফেব্ৰুৱাৰী পৰ্যন্ত শেষ সময় বান্ধি দিছিল। এই সময়ৰ ভিতৰত কুইপ’ই যদি চৰ্ত মানি নলয়, তেন্তে ১৭ ফেব্ৰুৱাৰীত অপহৃত ৰাম কুমাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও বুধবাৰে এক প্ৰেছ বিবৃতিযোগে হুংকাৰ দিয়ে আলফা স্বাধীনে।

আনহাতে চৰ্ত নামানিলে কুইপ’ৰ লগতে অসমৰ সকলো তৈল খনন কোম্পানীৰ কাম-কাজ বন্ধ কৰাৰো হুংকাৰ দিছে আলফা স্বাধীনে। এনে পৰিস্থিতিত তৈল খনন কোম্পানী সমূহত কৰ্মৰত খিলঞ্জীয়া সকলক অন্য সংস্থাপনৰ বাট বাচি ল’বলৈও আহ্বান জনাইছে আলফা স্বাধীনে। কিন্তু ইমানৰ পিছতো কুইপ’ই বিষয়া দুগৰাকীৰ মুক্তিপণৰ চৰ্ত মানি নোলোৱাত আগন্তুক সময়ত আলফা স্বাধীনে কেনে পদক্ষেপ গ্ৰহণ কৰে, তাক লৈ আশংকাই বিৰাজ কৰিছে।