১০ মাৰ্চৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, গুৱাহাটী গোটত বিশ্ববিদ্যালয় সপ্তাহ

365

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী গোটত নৱম বিশ্ববিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰা হ’ব ৷ বিশ্ববিদ্যালয় সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকাই পতাকা উত্তোলন কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ আচাৰ্য ভবেন্দ্ৰনাথ ডেকাই বিশ্ববিদ্যালয় সপ্তাহৰ শুভ উদ্বোধন কৰিব ৷ শুভাৰম্ভণী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা উপস্থিত থাকিব ৷ শেষৰ দিনা বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা বাহিৰ কৰিব লগীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক অধ্যাপক মৃণাল কুমাৰ বৰাই । শিক্ষাৰ্থীসকলৰ শাৰীৰিক-মানসিক-বৌদ্ধিক দিশৰ সৰ্বাংগীণ বিকাশৰ উদ্দেশ্যৰে ছদিনীয়াকৈ সাহিত্য-ক্ৰীড়া-সাংস্কৃতিক কাৰ্যসূচীৰে আয়োজিত বিশ্ববিদ্যালয় সপ্তাহৰ মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান উদ্বোধন কৰিব বিশ্ববিদ্যালয়খনৰ সঞ্চালক (বিত্ত আৰু পৰিকল্পনা) তথা মুখ্য সমন্বয়ক বাবুল বৰাই ৷ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগা এই বঁটা বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমৰ অধ্যক্ষ ড° অৰূপ কুমাৰ মিশ্ৰ, বিশিষ্ট অতিথি হিচাপে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই অংশ গ্ৰহন কৰিব ৷ উল্লেখ্য যে, অভিনেত্ৰী ড° গায়ত্ৰী মহন্তই উদ্বোধন কৰিব লগা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মাই ৷