১০ দিনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব আইচিইউ ব্যৱস্থাঃ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

100

বৃহস্পতিবাৰে বিয়লি বঙাইগাঁৱত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জিলাখনৰ কোভিড পৰিস্থিতিৰ বুজ লয় আৰু জিলা প্ৰশাসনৰ সৈতে এক কোভিড আলোচনা সম্পৰ্কীয় বৈঠকত মিলিত হয়। বৰপেটাৰ পৰা তেওঁ পোনে পোনে বঙাইগাঁও জিলা অসামৰিক চিকিৎসালয়লত উপস্থিত হয় আৰু চিকিৎসালয়খন পৰিদৰ্শন কৰে৷ মন্ত্ৰীগৰাকীয়ে বিশেষকৈ অসামৰিক চিকিৎসালয়খনত উপস্থিত হৈ চিকিৎসালয়খনত নিৰ্মাণ কৰিবলৈ লোৱা আই চি ইউ কক্ষ পৰিদৰ্শন কৰে। লগতে অক্সিজেন জেনেৰেটিং প্লাণ্ট স্থাপনৰ স্থান পৰিদৰ্শন কৰি বিষয়টোৰো অগ্ৰগতিৰ বুজ লয়৷

ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিধায়ক ফণীভূষণ চৌধুৰী, প্ৰাক্তন বিধায়ক ভূপেন ৰায়, জিলা উপায়ুক্ত ডা:এম এচ লক্ষ্মীপ্ৰিয়া, আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱাল, অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য)ডা০ চৈয়দ তহিদুৰ ৰহমানৰ উপস্থিতিত স্বাস্থ্য বিভাগৰ সঞ্চালক ৰথীন্দ্ৰ ভূঞা, বঙাইগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা০ নীল মাধৱ দাসকে ধৰি উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এক সভাত মিলিত হয়।

সভাত স্বাস্থ্য মন্ত্ৰী মহন্তই বঙাইগাঁৱত থকা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকগৰাকীক আই চি ইউ কক্ষৰ কাম অতি শীঘ্ৰে সম্পূৰ্ণ কৰাৰ বাবে যাৱতীয়া ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি লোকনিৰ্মাণ (গৃহ) বিভাগৰ মুখ্য অভিযন্তাক বঙাইগাঁৱৰ অসামৰিক চিকিৎসালয়ত আই চি ইউ নিৰ্মাণৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। সভাত জিলা উপায়ুক্ত ডা০ এম এচ লক্ষ্মীপ্ৰিয়াই বঙাইগাঁও জিলাৰ বিজি কলনিত কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাৰ কথা মন্ত্ৰীগৰাকীক অৱগত কৰে। তদুপৰি ক’ভিড মহামাৰী নিয়ন্ত্ৰণৰ বাবে ছেনিটাইজেশ্যন কৰা,দেওবাৰে জিলাখনত লকডাউন দিয়া আদি ব্যৱস্থাৰ বিষয়েও উপায়ুক্তগৰাকীয়ে মন্ত্ৰীক অৱগত কৰে।