হ্ৰাস পাইছে সংক্ৰমণ, কিন্তু অব্যাহত আছে কোৰোনাৰ ভয়াবহতা

70

ডিজিটেল ডেস্কঃ ভাৰতত কোৰোনাৰ সংক্ৰমণ কিছু হ্ৰাস পাইছে যদিও ভয়াবহতা যেন এতিয়াও শাম কটা নাই। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত পুনৰ ৩৭,১৫৪ জন লোক কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে এই সময়ছোৱাত প্ৰাণ হেৰুৱাইছে ৭২৪ গৰাকী কোভিড ৰোগীয়ে।

ইফালে দেওবাৰৰ দিনটোত ভাৰতত ৩৯,৬৪৯ জন কোভিড ৰোগী সুস্থ হৈ উঠিছে। বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৪,৫০,৮৯৯ গৰাকী। দেওবাৰৰ দিনটোত মুঠ কোভিড টেষ্ট কৰা হৈছিল ১৪,৩২,৩৪৩ জনৰ। আনহাতে ভাৰতবৰ্ষত বৰ্তমানলৈকে ৩৭,৭৩,৫২,৫০১জন লোকক কোৰোণাৰ ভেকচিন প্ৰদান কৰা হৈছে।