হোমৱৰ্ক নকৰাৰ বাবেই ছাত্ৰক গুৰুতৰভাৱে প্ৰহাৰ শিক্ষকৰ, হাস্পতালত মৃত্যু

237

হায়দৰাবাদৰ এখন ব্যক্তিগত বিদ্যালয়ত হোমৱৰ্ক নকৰাৰ অপৰাধতে শিক্ষকৰ প্ৰহাৰত মৃত্যুক সাৱটি লয় এজন ছাত্ৰই। শিক্ষকৰ প্ৰহাৰত শনিবাৰে বিদ্যালয়তে অসুস্থ হৈ পৰা ৫ বছৰীয়া হেমন্ত নামৰ ছাত্ৰজনৰ সোমবাৰে হাস্পতালত মৃত্যু ঘটাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

অভিযোগ অনুসৰি, হোমৱৰ্ক নকৰাৰ বাবে শিশুটিৰ মূৰত ফলিৰে আঘাত কৰিছিল শিক্ষকে।

ৰমন্তপুৰ অঞ্চলৰ বিবেক নগৰৰ এখন বিদ্যালয়ত সংঘটিত হয় এই ঘটনা।

ইফালে শিশুটিৰ মৃত্যুৰ পিছতে পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ অন্যান্য সদস্যই প্ৰতিবাদ সাব্যস্ত কৰে।

সোমবাৰে ল’ৰাজনৰ মৃতদেহ লৈ বিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি শিক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।