কেতিয়াবা কিছুমান সফলতাৰ কাহিনীয়ে শিঁহৰিত কৰে পঢ়ুৱৈ বা শ্ৰোতাক। কিছু কিছু কাহিনীয়ে বছৰ বছৰ ধৰি অনুপ্ৰাণিত কৰে উঠি অহা প্ৰজন্মক। তেনে এক কাহিনীৰেই ইতিহাস ৰচিবলৈ সক্ষম হ’ল এগৰাকী বধিৰ যুৱকে।
জীৱন যুদ্ধত পৰাজয় বৰণ নকৰি বাৰে বাৰে বিফলতাৰ সন্মুখীন হৈও অৱশেষত বিজয় হ’ল হিমাংশু নামৰ বিশেষভাৱে সক্ষম এই যুৱক।
দেশৰ আটাইতকৈ কঠিনতম পৰীক্ষা হিচাপে পৰিচিত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা অৰ্জন কৰি এতিয়া এগৰাকী নায়ব তেহচিলদাৰ হিচাপে কৰ্তব্যৰত হৈছে হিমাংশু।
উল্লেখ্য যে, দুই কাণেৰে কমকৈ শুনা হিমাংশুৱে আৰ এ এছ আৰু আই এ এছ পৰীক্ষাত একেৰাহে ১৬ বাৰ অৱতীৰ্ণ হৈও ব্যৰ্থ হ’বলগীয়া হৈছিল। কিন্তু তাৰ পিছতো প্ৰতিকূল পৰিস্থিতিৰ সন্মুখত মূৰ দোৱাবলৈ ৰাজি নোহোৱা হিমাংশুৱে অধিক কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়ৰে ১৭ নম্বৰ প্ৰচেষ্টাত সাফল্য অৰ্জন কৰে।
এই সফলতা অৰ্জনৰ পিছতে হিমাংশুৱে কয়, ”বহু সময়ত মই অনুভৱ কৰিছিলো যে জ্যেষ্ঠ বিষয়াসকলৰ মাজত কাম কৰাটো মোৰ বাবে কঠিন হ’ব, কিন্তু এতিয়া তেওঁলোকৰ সহায় আৰু সমৰ্থনে মোক আত্মবিশ্বাসী কৰি তুলিছে। এদিন মোৰ এনে অনুভৱ হৈছিল যে মই এই পৃথিৱীত কেৱল মাত্ৰ এক আৱৰ্জনা। কিন্তু এতিয়া এই সংগ্ৰামত জয়ী হৈ মই দুগুণ উৎসাহেৰে কাম কৰিবলৈ সক্ষম হৈছো।’
উল্লেখ্য যে, লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা অৰ্জনৰ পূৰ্বে পৰিয়াল পোহপাল দিবলৈ হোটেলত ৱেটাৰ হিচাপে কাম কৰিছিল হিমাংশুৱে। আজি যুৱকজনৰ সাফল্যত গৌৰৱাম্বিত পিতৃ-মাতৃও।