হোজাই FRUত বিশ্ব ধাত্ৰী দিৱস পালন

82

সমৰ দেৱনাথ, হোজাইঃ হোজাই FRU ত কৰ্মৰত সমূহ স্বাস্থ্যকৰ্মী তথা নাৰ্চসকলে সম্পূৰ্ণ কোভিড প্ৰটকল মানি অনুষ্টুপীয়াকৈ আজি পালন কৰিলে বিশ্ব ধাত্ৰী দিৱস। উল্লেখ্য যে, ১৮২০ চনৰ ১২ মেত জন্মগ্ৰহণ কৰা ফ্লোৰেন্স নাইটিংগেলে ক্ৰীমিয়ান যুদ্ধত আহত হোৱা লোকসকলক ফ্লোৰেন্সৰ এজন প্ৰশিক্ষক আৰু নাৰ্ছৰ সেৱা প্ৰদান কৰিছিল। যাৰ বাবে ফ্লোৰেন্সৰ জন্ম দিনটো বিশ্ব ধাত্ৰী দিৱস হিচাপে পালন কৰা হয়।

১৯৭৫ চনত পোন প্ৰথম বাৰ ইণ্টাৰনেচনেল কাউঞ্চিল অফ নাৰ্ছ দ্বাৰা বিশ্ব ধাত্ৰী দিৱস পালন কৰা হয়। তাৰ পিছৰে পৰা প্ৰতিবছৰে এই দিৱসৰ পালন কৰি আহিছে নাৰ্চসকলে৷ এইবেলি কোৰোনাৰ আতংকৰ মাজতো হোজাইত অনুষ্টুপীয়াকৈ পালন কৰা হয় বিশ্ব ধাত্ৰী দিৱস৷