হোজাইৰ ৰাইকাটা গাঁৱত বনৰীয়া হাতীৰ তাণ্ডৱ

94

সমৰ দেৱনাথ, হোজাই:- খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীৰ জাকে প্ৰায়ে সন্ত্ৰাস চলাই আহিছে হোজাইৰ বিভিন্ন এলেকাত। জিলাখনৰ ৰাইকটা গাঁৱতো বুধবাৰে নিশা ভীষণ তাণ্ডৱ চলাই বন্য হস্তীৰ এটা জাকে।

১২ জনীয়া হাতীৰ জাকটোৱে গাঁওখনৰ আৰতি বৰ্মন নামৰ মহিলাগৰাকীৰ বাসগৃহ ভাগি পেলোৱাৰ লগতে বনমালি দাস নামৰ ব্যক্তিজনৰ গেলামাল দোকানখনৰো বিস্তৰ ক্ষতি কৰে। কেৱল এয়াই নহয়, হাতীৰ জাকটোৱে ৰাইকাটা হাইস্কুলৰ আচবাব ভাঙি সন্ত্ৰাস চলায়।

ইফালে নিশা গাওঁতেই এটা পোৱালিৰ জন্ম দিয়ে জাকটোৰ এজনী মাইকী হাতীয়ে। পুৱালৈকে গাঁওখনত হাতীৰ জাকটোৱে সন্ত্ৰাস চলোৱাৰ পিছত পুৱা স্থানীয় ৰাইজে বন বিভাগৰ সহযোগত হাতীৰ জাকটোক পুনৰ বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয়।