হোজাইৰ বজাৰত মুকলিকৈ ঘূৰিছে কোভিড পজিটিভ ৰোগীয়ে

71

হোজাইৰ বজাৰত মুকলিকৈ ঘূৰিছে কোভিড পজিটিভ ৰোগীয়ে৷ হোজাই FRU হাস্পতালত কোভিড পজিটিভ চিনাক্ত হোৱা এজন ৰোগীয়ে মুকলিকৈ হোজাইৰ বজাৰত ঘূৰি ফুৰাৰ লগতে আন এজন কোভিড আক্ৰান্ত ৰোগীয়ে পলায়ন কৰে৷ যাৰ বাবে হোজাইত কোৰোনাৰ গণ সংক্ৰমণৰ আশংকা কৰিছে সচেতন মহলে৷

হোজাই স্বাস্থ্য বিভাগৰ হেমাহিৰ বাবে সংঘটিত এই ঘটনাই হোজাইত সৃষ্টি কৰিছে চাঞ্চল্যৰ৷ হোজাই FRU হাস্পতালত আজি তেখেতৰ কোভিড পজিটিভ বুলি ধৰা পৰে৷ ইয়াৰ পিছতে চিকিৎসালয়খনত তেখেতক আছুতীয়াকৈ ৰখা হয়৷ কিন্তু স্বাস্থ্য বিভাগৰ হেমাহিত লোকজনে মনে মনে হাস্পতালৰ পৰা ওলাই গৈ হোজাই বজাৰত ঘূৰি থকা পৰিলক্ষিত হয়৷ ইফালে আজি হোজাইৰ FRUত চিনাক্ত হোৱা আন এজন কোভিড পজিটিভ ৰোগীয়ে স্বাস্থ্যকেন্দ্ৰৰ পৰা পলায়ণ কৰে৷ স্বাস্থ্য বিভাগৰ এনে গাফিলতিত হোজাইত কোৰোনাৰ গণ সংক্ৰমণ হোৱাৰ আশংকা হৈছে৷