হোজাইৰ কোমোৰাকটা হাইস্কুলৰ কেৰাণীৰ বিৰুদ্ধে ধন লৈ পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ অভিযোগ, ভাইৰেল অডিঅ’

132

সমৰ দেৱনাথ, হোজাইঃ কোভিড সৃষ্ট পৰিস্থিতিৰ বাবে বিনা পৰীক্ষাৰে মূল্যায়ন পদ্ধতিৰে ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। কিন্তু পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। পৰীক্ষাত অনুত্তীৰ্ণ হোৱা একাংশ ছাত্ৰী আৰু অভিভাৱকে বিদ্যালয়ৰ শিক্ষক-কেৰানীৰ বিৰুদ্ধে ধন লৈ পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ অভিযোগ উত্থাপন কৰাৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

হোজাই জিলাৰ কোমোৰাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ শিক্ষাৰ্থী আৰু অভিভাৱকসকলেও বিদ্যালয়খনৰ কেৰাণীৰ বিৰুদ্ধে উত্থাপন কৰিছে ধন লৈ একাংশ শিক্ষাৰ্থীক উত্তীৰ্ণ কৰাই দিয়াৰ গুৰুতৰ অভিযোগ।

শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ অভিযোগ অনুসৰি, বিদ্যালয়খনৰ কেৰাণীজনে বাৰ শ টকাৰ বিনিময়ত আখৰ লিখিব নজনা ছাত্ৰকো উত্তীৰ্ণ কৰাই দিছে পৰীক্ষাত। ইফালে কেৰাণী গৰাকীৰ টকাৰ লেন-দেন সন্দৰ্ভত পতা কথাৰ এটা অডিঅ’ ক্লিপ ভাইৰেল হৈ পৰাৰ পিছতে বিদ্যালয়খনত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

আনহাতে কেৰাণীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষকে কয় যে পৰীক্ষাৰ মূল্যায়ন ছেবাই গঠন কৰি দিয়া কমিটী অনুসৰিহে হৈছে। তথাপিও কেৰাণীৰ বিৰুদ্ধে তদন্ত কৰি দোষী সাব্যস্ত হ’লে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি শিক্ষাৰ্থী আৰু অভিভাৱকসকলক আশ্বাস দিয়ে প্ৰধান শিক্ষক গৰাকীয়ে।

কিন্তু বিদ্যালয়খনৰ কেৰাণীৰ ভাইৰেল অডিঅ’ই এতিয়া মূল্যায়ন পদ্ধতিক লৈ সংঘটিত কেলেংকাৰীক ৰহস্যঘন কৰি তুলিছে। শিক্ষাৰ্থী আৰু অভিভাৱকসকলে ঘটনাৰ উচিত তদন্ত দাবী কৰিছে।