হোজাইৰ গোলাঘাটীয়া বস্তিৰ ৰে’লপথত শুকুৰবাৰে সন্ধিয়া ৰেলৰ খুন্দাত মাতৃ-কন্যাৰ মৃত্যুৰ ঘটনাই অঞ্চলটোত শোকৰ সৃষ্টি কৰিছে। ৰাইজে জনোৱা মতে, উদয়পুৰ দহঘৰ গাঁৱৰ ৩৪ বছৰীয়া ঝুমা দাস পুৰকায়স্থ আৰু তেওঁৰ ২ বছৰীয়া কন্যা পিংকি দাসে ৰেল লাইন পাৰ হব লওঁতেই ৰেলৰ খুন্দাত নিহত হয়।
ৰাইজে সন্দেহ কৰা মতে ঝুমা দাস পুৰকায়স্থ নামৰ মহিলাগৰাকীয়ে কাণেৰে কমকৈ শুনিছিল বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হোৱা ৰে’ল আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
