হোজাইত সপ্তম আন্তৰ্জাতিক যোগ দিৱস পালন

65

সমৰ দেৱনাথ, হোজাইঃ সমগ্ৰ বিশ্বৰ লগতে আজি হোজাইতো পালন কৰা হয় সপ্তম আন্তৰ্জাতিক যোগ দিৱস। হোজাই স্পৰ্টছ এছ’চিয়েশ্যনৰ উদ্যোগত নেতাজী ইণ্ডোৰ ষ্টেডিয়ামত আয়োজিত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে এছ’চিয়েশ্যনৰ সভাপতি তথা প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱে।

এছ’চিয়েশ্যনৰ সম্পাদক কমল দত্তই আঁতধৰা যোগ অনুষ্ঠানত মুখ্য যোগ শিক্ষক সুশান্ত সাহা আৰু সহযোগী যোগ শিক্ষক সুভাষ দাসে সকলোকে যোগ শিক্ষা প্ৰদান কৰে। কোভিড প্ৰট’কল মানি পালন কৰা যোগ দিৱসত আজি সীমিত সংখ্যক লোকহে উপস্থিত থকা দেখা যায়।