সমৰ দেৱনাথ, হোজাইঃ বৰ্তমানৰ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত পুলিচ প্ৰশাসনে বিভিন্ন জিলাত ড্ৰাগছৰ ঘাটি নিঃশেষ কৰি থকাৰ সময়ত বহি থকা নাই হোজাই বনবিভাগো। ভয়ংকৰ কোৰোনা মহামাৰীৰ মাজতে এচাম ক’লা ব্যৱসায়ীয়ে সুযোগ লৈ গছ-গছনি কাটি বনাঞ্চলসমূহ ধ্বংস কৰি আহিছে।
শনিবাৰে হোজাই প্ৰতিৰক্ষা বনবিভাগৰ বনবিষয়া শ্বামিম আখটাৰৰ নেতৃত্বত হোজাই, লংকা আৰু নখুটি বনবিভাগৰ এক ১৫ জনীয়া বন সুৰক্ষা বাহিনীৰ দলে যৌথভাৱে অভিযান চলাই ডৱকাৰ পৰা অহা AS-02E-5189 নম্বৰৰ টাটা মোবাইল গাড়ীখনে বালি কঢ়িয়াই আনোতে জোৰপুখুৰীত জব্দ কৰে। তাৰোপৰি ১নং চাকিৰ বস্তী আৰু জোৱপাৰাৰ পৰা এটা কাঠ ফলা মেচিন আৰু প্ৰায় ৫০হাজাৰ টকা মূল্যৰ বাদাম আৰু লালী কাঠ জব্দ কৰে। পিছত জব্দকৃত সামগ্ৰীসমূহ হোজাই বন কাৰ্যালয়লৈ নিয়া হয়।