হোজাইত বন তথা আৱকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য

49

সমৰ দেৱনাথ, হোজাইঃ হোজাইত উপস্থিত অসম চৰকাৰৰ বন তথা আৱকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য। হোজাইত উপস্থিত হৈ হোজাই চহৰত চলি থকা ভেকচিন চেন্টাৰ সমূহ পৰিদৰ্শন কৰে। চহৰৰ দেশবন্ধু বিদ্যাপিঠত চলি থকা ভেকচিন কেন্দ্ৰৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৰাজ্য চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে।

হোজাইত উপস্থিত হৈ বিশেষকৈ জিলাত চলি থকা ভেকচিন সম্বন্ধীয় আৰু কোভিড পৰিস্থিতিৰ বুজ লোৱাৰ সময়ত তেওঁক সংগ দিয়ে হোজাইৰ উপায়ুক্ত ডাঃ সদনেক সিং, স্থানীয় বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু জিলা সভাপতি অনুপ দেৱে।

সাংবাদিকৰ সন্মুখত মন্তব্য দিয়া অনুসৰি প্ৰথম দুদিনত ১৬,০০০তকৈ অধিক ভেকচিন প্ৰদান কৰাৰ কথা উল্লেখ কৰে। অন্যহাতে জিলাত ল’কডাউনৰ সম্ভাৱনা নুই কৰি ইয়াৰ বিষয়ে পৰ্য্যালোচনা কৰা হ’ব বুলি মন্তব্য আগবঢ়ায় পৰিমল শুক্লবৈদ্যই।