সমৰ দেৱনাথ, হোজাইঃ বন্য জীৱ-জন্তুৰ অংগ-প্ৰত্যংগ কাটি নি একাংশ দুস্কৃতিকাৰীয়ে বহিঃৰাজ্যত সেয়া বিক্ৰী কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। তেনে এজন বন্য জীৱ-জন্তুৰ অংগৰ গোপন বেহা চলাই থকা সৰবৰাহকাৰীক আজি অভিযান চলাই হোজাইৰ চিঙাৰী বস্তিৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।
গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই সৰবৰাহকাৰীজনৰ পৰা হাতীৰ দাঁত, হৰিণৰ চালৰ লগতে অন্য জীৱ-জন্তুৰ দেহৰ অংগ প্ৰত্যংগ জব্দ কৰিবলৈ সক্ষম হয়। ধৃত লোকজন হোজাইৰ ডবকাৰ নাছিৰ আলী বুলি জানিব পৰা গৈছে। দক্ষিণ নগাঁও বন সংমণ্ডলৰ বন প্ৰাধিকাৰী গুনদীপ দাসৰ নিৰ্দেশত বন সুৰক্ষা বিষয়া চেমিম আখতাৰে অভিযান চলাই গ্ৰেপ্তাৰ কৰা লোকজনৰ পৰা ৯ ইঞ্চি দৈৰ্ঘ্যৰ এটা হাতীৰ দাঁত আৰু হৰিণৰ ঠেং আৰু ছাল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
