হোজাইত কোৰোনাৰ সংক্ৰমণ বৃদ্ধি, ২০০ৰ ঘৰ অতিক্ৰম সংক্ৰমিত ৰোগীৰ সংখ্যা

99

অসমৰ জিলাই জিলাই এতিয়া বৃদ্ধি পাইছে কোভিড সংক্ৰমণ। হোজাই জিলাত ২০০ৰ ঘৰ অতিক্ৰম কৰিছে কোভিড সংক্ৰমিত ৰোগীৰ সংখ্যাই। শুকুৰবাৰে জিলাখনৰ বিভিন্ন প্ৰান্তত ৰেপিড এণ্টিজেন টেষ্টত পুনৰ ৪৬গৰাকীৰ দেহত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ বিপৰীতে আৰটিপিচিআৰ টেষ্টতো ৩ গৰাকীৰ দেহত ধৰা পৰে কোভিড সংক্ৰমণ।

জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিয়া মতে, ২৪৪৮ টা ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছিল জিলাখনৰ বিভিন্ন প্ৰান্তত। আনহাতে ১১১ গৰাকী লোকৰ আৰটিপিচিআৰ টেষ্টৰ পিছতে ৩জনৰ দেহত ধৰা পৰে সংক্ৰমণ।