হোজাইত আশ্ৰমৰ সন্তক কোৰেৰে আক্ৰমণ যুৱকৰ…

58

সমৰ দেৱনাথ হোজাইঃ হোজাইত সংঘটিত হৈছে আশ্ৰমৰ সাধুক আক্ৰমণৰ ঘটনা। জিলাখনৰ থেপেলাগুৰিৰ ডাঙৰীয়া আশ্ৰমত থকা এগৰাকী সাধুক কোৰেৰে আক্ৰমণ কৰে এজন যুৱকে। যাৰ ফলত আশ্ৰমখনৰ ৰামকৃষ্ণ চৌহান নামৰ বৃদ্ধ সাধুগৰাকী গুৰুতৰভাৱে আহত হয়। পিছত আহত সন্যাসীগৰাকীক স্থানীয় ৰাইজে ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে, কোমোৰাকটাৰ ধীৰাজ হাছামফুৰা নামৰ যুৱকজনে দুবাৰকৈ কোৰেৰে প্ৰহাৰ কৰে সাধুগৰাকীৰ মূৰত। ইফালে অভিযুক্ত যুৱকজনক আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে। কি কাৰণত ধীৰাজ হাছামফুৰা নামৰ যুৱকজনে সাধু ৰামকৃষ্ণ চৌহানক আক্ৰমণ কৰিলে, সেয়া এতিয়া অস্পষ্ট হৈয়েই আছে।