হোজাইত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰপ

98

সমৰ দেৱনাথ, হোজাইঃ হোজাইৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতীৰ আতংকত নিদ্ৰা হৰণ হৈছে অঞ্চলবাসীৰ। দেওবাৰে নিশা এটা বন্যহস্তীয়ে হোজাই বিষ্ণুপুৰৰ কেপি ভেলী ইংলিছ স্কুল আৰু শংকৰ মিচনৰ বেৰ ভাঙি আংশিক ক্ষতি কৰাৰ লগতে কোমোৰাকটা গাঁৱত সমীৰণ শীল নামৰ ব্যক্তিজনৰ চেলুনৰ দোকান ভাঙি পেলাই। বনৰীয়া হাতীটোৱে ৰাইকাটা ট্ৰাইবেল হাইস্কুলৰ দেৱাল ভাঙি মধ্যাহ্ন ভোজনৰ চাউল খায়ো তহিলং কৰে।

উল্লেখ্য যে, বিগত কিছু দিনৰ পৰা হোজাইৰ দাঁতিকাষৰীয়া অঞ্চলত বন্যহস্তীৰ উপদ্ৰপ অতি মাত্ৰা বৃদ্ধি পাইছে। কিন্তু ইমানৰ পিছতো হোজাইৰ বন বিভাগ কুম্ভকৰ্ণৰ নিদ্ৰাত থকাৰ অভিযোগ অঞ্চলবাসীৰ।