হেৰুৱাইছে গ্লেমাৰ, পুনৰ ষ্টেছনৰ জীৱনলৈ উভতিছে ৰাণাঘাটৰ ৰাণু মণ্ডল

95

ডিজিটেল ডেস্ক: ৰাণাঘাটৰ ৰাণু পুনৰ উভতিছে ৰাণাঘাটলৈ। লকদাউনৰ পিছৰ আৰ্থিক স্থিতিৰ বাবে পুনৰ দুবেলা দুমুঠি গোটাবলৈ হাহাকাৰ কৰিবলগা হৈছে ৰাণু মণ্ডলে। খবৰ অনুসৰি, নিশাৰ ভিতৰতে মুম্বাইৰ গ্লেমাৰ হৈ পৰা ৰাণু মণ্ডলে এতিয়া আকৌ এৰি থৈ অহা দিনবোৰৰ দৰেই ষ্টেছনত ভীক্ষা খুজিবলগা হৈছে।

যোৱা বছৰ হঠাৎ তাৰকাৰ শাৰীত উপনীত হৈছিল ৰাণাঘাটৰ ষ্টেছনত গীত গাই দুবেলা দুমুঠিৰ যোগাৰ কৰা ৰাণু মণ্ডল। অতীন্দ্ৰ নামৰ এজন যুৱকে ষ্টেছনত ৰাণুই গোৱা লতা মংগেশকাৰৰ ‘এক প্যাৰ কা নগমা হ্যে’ গীতটো মোবাইলত ৰেকৰ্ড কৰি ছ’চিয়েল মিডিয়াত এৰি দিছিল। তাৰ পিছতে ৰাণাঘাটৰ ৰাণুৰ কণ্ঠই পাইছিল এক বিশেষ পৰিচয়। বলীউডৰ সংগীতকাৰ হিমেশ ৰেশমিয়ায়ো দিছিল ৰাণু মণ্ডলক তেওঁৰ ছবিত গীত গোৱাৰ সুযোগ।

তাৰ পিছতেই যেন ৰাণু মণ্ডলৰ সময়ে গতি সলাইছিল। বহু ৰিয়েলিটী শ্ব’লৈ অতিথি হিচাপে নিমন্ত্ৰিত হৈছিল ৰাণু, বহু মঞ্চলৈ আমন্ত্ৰিত হৈছিল গীত পৰিৱেশনৰ বাবে। কিন্তু এই সময়ছোৱাত ছ’চিচেল মিডিয়াত ট্ৰ’লো হৈছিল ৰাণু মণ্ডল। উগ্ৰ প্ৰসাধন ব্যৱহাৰ কৰি ছ’চিয়েল মিডিয়াত উপহাসৰ পাত্ৰ হৈ পৰিছিল তেওঁ। এইগৰাকী ৰাণু মণ্ডলেই লকডাউনৰ সময়ত বহু দৰিদ্ৰ পৰিয়ালক প্ৰদান কৰিছিল সাহায্য।

অথচ আজি কামৰ অভাৱত পুনৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে ৰাণু মণ্ডল। খবৰ অনুসৰি, তেওঁ তেওঁৰ নতুন ঘৰটো এৰি আগৰ ঘৰটোত থাকিবলৈ আৰম্ভ কৰিছে। পূৰ্বৰ দৰেই এতিয়া হেনো ষ্টেছনত গীত গাই সাহায্য বিচাৰিবলগা হৈছে ৰাণু মণ্ডলে। এবছৰ পূৰ্বে লাভ কৰা নাম-যশ-ধন সকলো হেৰুৱাই এতিয়া আকৌ জীৱন যুদ্ধত নামি পৰিছে ৰাণাঘাটৰ ৰাণু মণ্ডল।