দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল সাংসদ কামাখ্যা প্ৰসাদ তাছাই যাত্ৰা কৰা হেলিকপ্টাৰ।
প্ৰচণ্ড ধুমুহা-বৰষুণৰ বাবে মাজ আকাশত নিয়ন্ত্ৰণহীন হৈ পৰে হেলিকপ্টাৰখন।
ম্যানমাৰ সীমান্তৰ পৰা যাত্ৰা কৰাৰ সময়ত সংঘটিত হয় এই ঘটনা।
সৌভাগ্যক্ৰমে আইজলত হেলিকপ্টাৰখন জৰুৰী অৱতৰণ কৰাবলৈ সক্ষম হয় পাইলটে।
সেই সময়ত হেলিকপ্টাৰ খনেৰে যাত্ৰা কৰি আছিল কেন্দ্ৰীয় মন্ত্ৰী জন বাৰলাও।
হেলিকপ্টাৰখন মধ্য আকাশত ১০ মিনিট সময় সন্মুখীন হয় ধুমুহা-বৰষুণৰ।
