মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কাছাৰ জিলাৰ শিলচৰত উপস্থিত হৈ অঞ্চলটোৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে।
শিলচৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে শৰ্মাই বৰাক নদীৰ বৰ্ধিত জলস্তৰৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বাবে বিশেষ বিমানেৰে শিলচৰ নগৰখনৰ আকাশী জৰীপ কৰে। ইয়াৰ পিছতে উপ-আয়ুক্তৰ (ডিচি) কাৰ্যালয়ত জিলাখনৰ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰে শৰ্মাই।
বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে চলি থকা উদ্ধাৰ অভিযানসমূহো পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইফালে শিলচৰত খাদ্য সামগ্ৰী, পানীৰ বটল আদি অত্যাৱশ্যকীয় সামগ্ৰী থকা পেকেটসমূহ হেলিকপ্টাৰেৰে এয়াৰ ড্ৰপ কৰা হয়।
টুইটাৰত মুখ্যমন্ত্রী শর্মাই কয়, “আজি বানপীড়িত শিলচৰত হেলিকপ্টাৰেৰে খাদ্য সামগ্ৰী, পানীৰ বটল আৰু অত্যাৱশ্যকীয় বস্তু থকা পেকেট বিমানত পেলোৱা হৈছে। আমি নিয়মীয়া সকাহৰ বাহিৰেও আগন্তুক দিনত আমাৰ আবদ্ধ লোকসকলৰ বাবে এনে এয়াৰ-ড্ৰপিং অব্যাহত ৰখাৰ পৰিকল্পনা কৰিছো। বৰাক উপত্যকাৰ ৰাইজৰ লগত আমাৰ চৰকাৰ দৃঢ়তাৰে আছে।”
