হেকাৰৰ টাৰ্গেট মুখ্যমন্ত্ৰীৰ ফেচবুক একাউণ্ট, পাকিস্তানৰ পৰা হেক কৰাৰ চেষ্টা

288

এইবাৰ হেকাৰৰ টাৰ্গেট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ছ’চিয়েল মিডিয়া একাউণ্ট। মুখ্যমন্ত্ৰীৰ ফেচবুক একাউণ্ট হেক কৰাৰ চেষ্টা হেকাৰৰ। পাকিস্তানৰ হেকাৰে এই দুষ্কাৰ্য সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। এই কথা টুইটযোগে জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিছে, ‘অজ্ঞাত হেকাৰে আজি সন্ধিয়া মোৰ ফেচবুক একাউণ্ট হেক কৰাৰ চেষ্টা চলাইছিল। প্ৰাথমিক তথ্য মতে, হেকাৰে পাকিস্তানৰ পৰা কাম কৰি থাকিব পাৰে।’

অসম আৰক্ষী আৰু আৰক্ষী সঞ্চালকপ্ৰধানক টেগ কৰি এই টুইট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলিও উল্লেখ কৰিছে মুখ্য়মন্ত্ৰীয়ে।