হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু জনপ্ৰিয় প্ৰাক্তন ক্ৰিকেটাৰৰ…

53

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা জনপ্ৰিয় কমেণ্টেটৰ ডীন মেছিভৰ বৃহস্পতিবাৰে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে। মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰা প্ৰতিথযশা ক্ৰিকেটাৰ গৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৫৯ বছৰ।

১৯৮৪ চনত অষ্ট্ৰেলিয়ান ক্ৰিকেট দলৰ হৈ খেলিবলৈ আৰম্ভ কৰি উইকেট কীপাৰ হিচাপে বেছ সুখ্যাতি অৰ্জন কৰিছিল ডীন মেছিভে। এগৰাকী বেটছমেন হিচাপেও ডীন মেছিভৰ আন্তঃৰাষ্ট্ৰীয় যথেষ্ট সুনাম আছিল। তেওঁ ক্ৰিকেট কালত মুঠ ৫২ খন টেষ্ট আৰু ১৬৪ খন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল খেলে। ১৯৯৪ জনত তেওঁ সক্ৰিয় খেলৰ পৰা অৱসৰ গ্ৰহণ কৰি কমেণ্টেটৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল।