হিমাচল প্ৰদেশৰ বিজেপি মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰৰ পদত্যাগ, সংখ্যাগৰিষ্ঠতাৰ দিশে কংগ্ৰেছ…

79

ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা জয়ৰাম ঠাকুৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগৰ ঘোষণা।

ৰাজ্যখনত অব্যাহত থকা নিৰ্বাচনৰ ভোটগণনাত কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠতাৰ পিছতে এই ঘোষণা জয়ৰাম ঠাকুৰৰ।

ঠাকুৰে কয় যে মই মানুহৰ আদেশক সন্মান কৰো আৰু মই প্ৰধানমন্ত্ৰী (নৰেন্দ্ৰ মোডী)ক ধন্যবাদ জনাইছো।’

উল্লেখ্য যে, বৰ্তমানলৈকে সম্পন্ন হোৱা ভোট গণনাত কংগ্ৰেছে ১৬খন আসন লাভ কৰাৰ বিপৰীতে আন ২৩খন আসনত আগবাঢ়ি আছে।